ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে।
নতুন সময় অনুসৰি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষাৰ অনুষ্ঠিত হ’ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ’ব।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়ৱদ্ধভাৱে পৰিচালনা কৰাটো সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে।
তদুপৰি পৰীক্ষাৰ্থীসকলৰ গণনা আৰু ডায়েগ্ৰাম আদিত সুবিধা হোৱাকৈ প্ৰশ্নকাকতত ৰাফ ৱৰ্কৰ বাবে দুটা পৃষ্ঠাৰ সলনি ৪টা পৃষ্ঠা থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।