ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্রস্তাৱে পূৰ্ণ সমর্থন লাভ কৰিছে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্রস্তাৱে পূৰ্ণ সমর্থন লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ গোলকীয় সন্ত্রাসবাদ বিৰোধী ৰণনীতিৰ সন্দৰ্ভত নৱম পর্যালোচনাত ১৪০খন সদস্য-ৰাষ্ট্ৰই ভোটদান কৰে।

বৈঠকত সদস্য-ৰাষ্ট্ৰসমূহক তিনি দশক পূর্বে ভাৰতে আগবঢ়োৱা এই প্ৰস্তাৱ চূড়ান্ত কৰাৰ বাবে যাৱতীয় প্রচেষ্টা ল’বলৈ আহ্বান জনোৱা হয়।

ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে কয় যে সমগ্ৰ বিশ্বই সন্মত হোৱা আইনী পৰিকাঠামো নোহোৱাৰ বাবে গোলকীয় সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা এতিয়াও দুৰ্বল হৈ আছে। তেওঁ কয় যে সন্ত্রাসবাদ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো দ্বৈত স্থিতি থকাটো উচিত নহয়।

আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বিচাৰ প্ৰক্ৰিয়া আৰু প্ৰত্যাৰ্পন শক্তিশালী কৰাৰ লগতে সন্ত্ৰাসবাদৰ বাবে পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান দুৰ্বল কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু আৰ্জেণ্টিনাই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।