September 25, 2026 8:16 PM | S.Joysankar

printer

ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰগতি নোহোৱাৰ ফলত আন্তৰাষ্ট্ৰীয় সমুদায়ৰ মাজত হতাশা বৃদ্ধি পাইছে বুলি ড০ এছ জয়শংকৰৰ মত প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰগতি নোহোৱাৰ ফলত আন্তৰাষ্ট্ৰীয় সমুদায়ৰ মাজত হতাশা বৃদ্ধি পাইছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনৰ সুযোগতে অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকত ড০ জয়শংকৰে এইদৰে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে বৃদ্ধি পাইছে আৰু সাম্প্ৰতিক বিশ্বৰ বাস্তৱ পৰিস্থিতি ৰাষ্ট্ৰসংঘই ভালদৰে প্ৰতিফলিত কৰিব পাৰিব লাগে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিৰোধিতা কৰা দেশসমূহে সংগঠনটোক শক্তিশালী কৰাৰ প্ৰচেষ্টাক সমৰ্থন নকৰাকৈ ইয়াক ব্যৱহাৰ কৰিব থাকিব নোৱাৰে। ড° জয়শংকৰে লগতে সৰ্বসন্মতিৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন হোৱাৰ ধাৰণাকো নস্যাৎ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।