ধৰ্মীয় স্বাধীনতা আৰু অন্ত্যেষ্টিক্ৰিয়াৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মঞ্চত পাকিস্তানক তীব্ৰভাৱে সমালোচনা কৰে।
ভাৰতে কয়, যে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত নিহত দেশখনৰ সৈনিকসকলৰ মৃতদেহ চম্জি ল’বলৈ পাকিস্তানে অস্বীকাৰ কৰিছিল। ৰাষ্ট্ৰসংঘক সম্বোধন কৰি ভাৰতৰ স্থায়ী অভিযানৰ প্ৰথম সচিব ভাৱিকা মংগলানন্দনে কয়, যে ভাৰতীয় সৈনিকে সম্পূর্ণ সামৰিক মৰ্যাদা আৰু ইছলামিক ৰীতি-নীতিৰে ভালেসংখ্যক পাকিস্তানী সৈনিকৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিছিল।
ৰাষ্ট্ৰসংঘৰ বিশেষ প্রতিবেদক নাজিলা ঘানিয়াই জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অন্ত্যেষ্টিক্ৰিয়াৰ অধিকাৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনৰ সময়তে ভাৱিকা মংগলানন্দনৰ এই ভাষ্য পুনৰ চৰ্চালৈ আহিছে।