March 9, 2025 7:43 PM | President of india

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সোমবাৰৰপৰা হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাব তিনিদিনীয়া ভ্ৰমণসূচী

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাব ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালৰ প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীযে হিছাৰত গুৰু জন্তেশ্বৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। শ্রীমতী মুৰ্মুৱে একে দিনাই ব্ৰহ্মকুমাৰীৰ সোণালী জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত সামগ্রিক কল্যাণৰ বাবে আধ্যাত্মিক শিক্ষা সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা মঙলবাৰে বাথিণ্ডাৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান তথা পঞ্জাব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। শ্ৰীমতী মুৰ্মুৱে অহা ১২ মাৰ্চত চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো ভাগ ল’ব।