June 7, 2026 7:31 PM | Padma awards

printer

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২৩ জুনত ২০২৬ বৰ্ষৰ বাবে দেশৰ ৬৫ গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্মা বঁটা লাভ কৰা ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভবনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পর্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্রদান কৰা হৈছিল।

পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেওৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্রদান কৰা হ’ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্রথম পর্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বর্ষত পাঁচটা পদ্ম বিভূষণ, ১৩ টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্রী বঁটাকে ধৰি মুঠ ১৩১গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।

প্রতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়।