ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ শ্লভাকিয়া ভ্ৰমণ সফলভাৱে সমাপ্ত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন দিশত ঐতিহাসিক আছিল বুলি বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিণী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়৷ শ্লভাকিয়াৰৰ কনষ্টেনটাইন দ্যা ফিল’চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে। সমাজ সেৱা, সামাজিক ন্যায় আৰু শিক্ষা তথা মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্রীমতী মুৰ্মুক এই সন্মান প্ৰদান কৰা হয়। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে শুভাকিয়া-ভাৰত ব্যৱসায় মঞ্চৰ এটা অনুষ্ঠানতো অংশ লয়। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্রমণে অট’ মটিভৰ পৰা আৰম্ভ কৰি ষ্টীল, ৰে’লৱে, জৈৱ ইন্ধন খণ্ডৰ উপৰি পৰ্যটন, সৃষ্টিশীল কলা আদিকে ধৰি নতুন নতুন খণ্ডত দুয়োখন দেশৰ মাজৰ বাণিজ্য সহযোগিতা তথা সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
Assamese | April 11, 2025 6:16 PM | Droupadi Murmu | President Murmu
ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্লভাকিয়া ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ