● ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ এখন বিপনী স্থাপনৰ বাবে ৰাষ্ট্ৰপতিৰ সচিবালয়ে সৰভোগৰ বাসিন্দা প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ জনাইছে। সমগ্র দেশকে ‘অসমৰ চাহ’ৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যেৰে যুৱ উদ্যমী প্ৰাঞ্জন কুমাৰ ৰয়ে ‘ৰিভাৰ বেঁকী টি কোম্পানী’ৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। অভিযন্তা ৰয়ে কৰ্প’ৰেট জগতৰ চাকৰি ত্যাগ কৰি অসমৰ চাহৰ সোৱাদ দেশবাসীক দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন অনুষ্ঠান, সমাৰোহ, সমাবেশ আদিৰ জৰিয়তে প্ৰচেষ্টা চলাই আহিছে। শ্ৰী ৰয়ে সদ্যসমাপ্ত মহাকুম্ভ মেলাৰ কলাগ্রামতো কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অনুৰোধত চাহৰ বিপণী দি সমাদৃত হৈছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰাঞ্জন কুমাৰ ৰয়ৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি যুৱকজনৰ এই প্ৰচেষ্টা আৰু সাফল্য ৰাজ্যখনৰ বাবে আশাব্যঞ্জক বুলি প্ৰকাশ কৰিছে।
Assamese | March 4, 2025 10:24 AM | Akashvani Guwahati | Assam Tea | Rashtrapati Bhavan
ৰাষ্ট্ৰপতি ভৱনৰ প্ৰসিদ্ধ অমৃত উদ্যানত ‘অসমৰ চাহ’ৰ বিপনী স্থাপনৰ বাবে প্ৰাঞ্জন কুমাৰ ৰয়ক আমন্ত্রণ