ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্ছেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নিজ বাঞ্চয়, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দ সিং ভদ্ৰা, আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দেৰ পালসিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্রাসবাদ, উগ্রবাদকে ধৰি জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্রিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল ।
Assamese | June 29, 2026 8:35 PM | President
ৰাষ্ট্ৰপতি ভৱনত আজি দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান