ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ অসমত এখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দিব্যাংগসকলক সামর্থ-শক্তিক ৰাষ্ট্ৰ আৰু সমাজৰ নিৰ্মাণ কাৰ্যত নিয়োজিত কৰাৰ বাবে তেওঁলোকক শিক্ষা আৰু দক্ষতা, বিকাশ আৰু কৰ্মসংস্থাপনৰ দিশত দিব্যাংগ বিশ্ববিদ্যালয়ে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অসমত এনে এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি প্ৰস্তাৱ আগবঢ়ায়।
Assamese | February 9, 2025 12:09 PM | Pijush Hazarika
ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাৰ নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ