ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়সকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ড০ শৰ্মাই কয়, যে এই জৰীপৰ সৰু দোকান ক্ষুদ্র প্রতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি লোৱা হ’ব। ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰীত কর্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পর্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফুত হ’ব আৰু তেওঁলোক কোন অঞ্চলৰ পৰা মহানগৰীলৈ আহিছে সেয়াও জানিব পৰা যাব।
তেওঁ কয়, যে এই জৰীপে অসমীয়া যুৱক-যুৱতীসকলৰ চকু মুকলি কৰিব আৰু তেওঁলোকক ব্যৱসায়, বাণিজ্য আৰু স্বনিয়োজনৰ ক্ষেত্ৰৰ ব্যাপক অর্থনৈতিক সুযোগ সম্পর্কে বুজাত সহায় কৰিব।