June 14, 2026 11:47 AM

views 27

ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়সকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়সকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ড০ শৰ্মাই কয়, যে এই জৰীপৰ সৰু দোকান ক্ষুদ্র প্রতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰীত কর্মসংস্থাপন আৰু আয়ৰ সুযোগ সম্পর্কে জানিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে জৰীপৰ জৰিয়তে গুৱাহাটী মহানগৰীত পদপথৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ এখন স্পষ্ট ছবি পৰিস্ফ...