ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। সদৌ অসম ডি এল এড টিউটৰ সংস্থাৰ প্ৰতিনিদি দল এটাৰ সৈতে কালি জনতাভৱনত শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলি সামাজিক মাধ্যমযোগে সদৰি কৰিছে। আনহাতে সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে শিক্ষামন্ত্ৰীগৰাকী কালি আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বিষয়ে আলোচনা কৰা হয়।
Assamese | August 4, 2024 11:40 AM | Ranoj Pegu
ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ