ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সর্বসম্মতি ক্রমে লোৱা হৈছিল বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ সিদ্ধান্ত সর্বসম্মতি ক্রমে লোৱা হৈছিল বুলি পুনৰ প্ৰকাশ কৰিছে।

নতুন দিল্লীত কালি এখন সংবাদমেলত নির্বাচন আয়োগৰ মিডিয়া সঞ্চালক প্রধান আশীষ গোৱেলে কয়, যে কালি আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় ড° সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে।

তেওঁ কয়, যে আয়োগৰ সৰ্বসম্মত অনুমোদন মর্মে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চললৈ যোৱা বছৰৰ ২৪ জুনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ নিৰ্দেশ জাৰি কৰা হৈছিল। তেওঁ কয়, যে বুথ পৰ্যায়ৰ বিষয়াসকলে বিশেষ পুংখানুপুংখ সংশোধনৰ সময়ত জাননী জাৰি কৰা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ প্রয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰিব।

ইয়াৰ পাছত বুথ পৰ্যায়ৰ বিষয়াসকলে ই চি আই নেট মঞ্চত এই নথি-পত্ৰসমূহ আপলোড কৰিব। নির্বাচনী পঞ্জীয়ন বিষয়াই এনে ব্যক্তিসকলক শুনানিৰ বাবে তলব নকৰে বুলি আয়োগ স্পষ্ট কৰি দিয়ে।