June 18, 2026 1:31 PM | award silpi

printer

ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা

অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। 

সেই অনুসৰি জিকিৰ আৰু জাৰীৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ ছামচুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। 

সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ ২০২৬ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে।

 লেখিকা গীতা উপাধ্যায়লৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। 

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা ২০ জুনত হ’বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ’ব। 

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক ৩ লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক তিনিগৰাকীক ২ লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ’ব । কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৷