June 18, 2026 1:31 PM

views 26

ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা

অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে।  সেই অনুসৰি জিকিৰ আৰু জাৰীৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ ছামচুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে।  সত্ৰীয়া শিল্পী মাণিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ ২০২৬ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে।  লেখিকা গীতা উপাধ্যায়লৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে।  গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প...