ৰাজ্যত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদান কৰা হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে আজি বিধানসভাত প্রশ্নোত্তৰ কালত এইকথা সদৰী কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কার্ড লাভ কৰা প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক প্রতিমাহে কার্ডে প্রতি ৩৫ কিলোগ্রামকৈ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক জনে প্রতি ৫ কিলোগ্রামকে বিনামূলীয়া চাউল প্ৰদান কৰা হয়। যোৱা নবেম্বৰৰ বিনামূলীয়া চাউলৰ অনলাইন আবণ্টন অনুসৰি, ৰাজ্যত মুঠ ২ লাখ ২৯ হাজাৰ ৭৫৮ দশমিক ৪-৯ কুইণ্টল চাউল অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক আৰু ১০ লাখ ৯৬ হাজাৰ ৫২৯ দশমিক ৭-৭ কুইণ্টল চাউল অগ্রাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে।
Assamese | November 26, 2025 8:42 PM | Ration Card Distribution
ৰাজ্যৰ মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদানঃ মন্ত্রী কৌশিক ৰায়