November 26, 2025 8:42 PM

views 34

ৰাজ্যৰ মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদানঃ মন্ত্রী কৌশিক ৰায়

ৰাজ্যত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মুঠ ২ কোটি ২৩ লাখ ৭৯ হাজাৰ ৩৬৭ জন হিতাধিকাৰীক সামৰি ৬৩ লাখ ৭৪ হাজাৰৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কার্ড প্রদান কৰা হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে আজি বিধানসভাত প্রশ্নোত্তৰ কালত এইকথা সদৰী কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কার্ড লাভ কৰা প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক প্রতিমাহে কার্ডে প্রতি ৩৫ কিলোগ্রামকৈ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক জনে প্রতি ৫ কিলোগ্রামকে বিনামূলীয়া চাউল প্ৰদান কৰা হয়। য...

December 28, 2024 11:22 AM

views 26

নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ

নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচী আজি ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হ'ব। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, নলবাৰী, বাক্সা, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও আৰু লখিমপুৰত হ'বলগীয়া অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুন হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা বৰ্ষৰ জানুৱাৰীৰ পৰাই বিনামূলীয়া চাউল লাভ কৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বিৰছিং জাৰুৱা, বিলাসীপাৰা আদি সমষ্টিত...

December 21, 2024 12:42 PM

views 39

ৰাজ্যত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীলৈ কাইলৈ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতাধিকাৰীসকলে অন্ন সেৱা দিনৰ সময়ছোৱাত নিজৰ নাম পঞ্জীয়নভুক্ত সুলভ মূল্যৰ দোকানৰ পৰা ই-প'ছ মেচিনৰ যোগেদি বিনামূলীয়া চাউল সংগ্রহ কৰিব পাৰিব। অধিক তথ্যৰ বাবে ১৮০০-৩৪৫- ৩৬১১ টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব পা...