বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবটীয়া যাত্ৰা পথত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আজি মহানগৰীৰ পথসমূহত জনসাধাৰণৰ আহ-যাহ কিছু কম হোৱা পৰিলক্ষিত হয়। আজি ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্রা ২৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ১৫ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে দেশৰ আন কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱন-যাত্ৰাত ব্যাঘাত জন্মিছে। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে কমেও ৪৮ খন ৰে’ল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সুৰক্ষা ব্যৱস্থা হিচাপে ৰে’লৰ গতি হ্ৰাস কৰাৰ ফলত যাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । একেদৰে, বিমান পৰিবহণ সেৱাতো বতৰৰ প্ৰতিকূল প্রভাৱ পৰিলক্ষিত হৈছে।
Assamese | December 28, 2025 9:07 PM | Cold weather
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিগত তিনি-চাৰিদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি