January 6, 2026 12:33 PM

views 61

ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি, কেইবাখনো জিলাত পাঠদানৰ সময় সাল সলনি

বিগত প্রায় এসপ্তাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কৱলত পৰিছে। কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ৭ দিনত সর্বনিম্ন তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ হ্রাস পাব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সর্বোচ্চ তাপমাত্রা স্বাভাবিকতকৈ হ্রাস পোৱাৰ বাবে দিনৰ ভাগতো জনসাধাৰণে প্রচণ্ড শীত অনুভৱ কৰিছে। গুৱাহাটীত কালি সর্বোচ্চ তাপমাত্রা ২০ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত...

December 28, 2025 9:07 PM

views 53

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিগত তিনি-চাৰিদিন ধৰি শীতৰ প্ৰকোপ বৃদ্ধি

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত দূৰণিবটীয়া যাত্ৰা পথত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। মহানগৰীৰ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আজি মহানগৰীৰ পথসমূহত জনসাধাৰণৰ আহ-যাহ কিছু কম হোৱা পৰিলক্ষিত হয়। আজি ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্রা ২৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ১৫ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে । প্ৰচণ্ড শীত আৰু ...