অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে। এটা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চতিয়া আৰক্ষীয়ে মাজবাটৰ পৰা বিশ্বনাথলৈ অবৈধভাৱে সৰবৰাহ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চতিয়াৰ নাগশংকৰৰ সন্মুখত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰে যাতায়াত কৰি থকা অৱস্থাত দুয়োগৰাকী সৰবৰাহকাৰীক আটক কৰা হয়। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে চলোৱা এটা অভিযানত নিচাযুক্ত দ্রব্যসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। গোপন তথ্যৰ ভিত্তিত খানাপাৰা অঞ্চলত চলোৱা অভিযানত সৰবৰাহকাৰীকেইজনৰ পৰা এখন স্কুটী আৰু ৪টা মোবাইল ফোনো জব্দ কৰা হয়। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ পৰা তিনিওজন ব্যক্তিক জেৰা অব্যাহত ৰাখিছে।
Assamese | March 9, 2025 7:25 PM | Assam Police
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আৰক্ষীৰ আটক