June 28, 2026 12:28 PM | Polio Day

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ’ প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ’ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ’ বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ’ প্রতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ ৩৭টা ভ্রাম্যমান দলো এই কার্যসূচীত নিয়োজিত কৰা হ’ব। তিনিদিনীয়াকৈ হ’বলগীয়া এই কার্যসূচী ৩০ জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্রকাশ কৰিছে।

শ্রীভূমি জিলাতো আজি পলিঅ’ প্রতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি ৰামকৃষ্ণ নগৰ, পাথাৰকান্দি, নিলাম বজাৰ, কচুৱাদাম, গিৰিজগঞ্জ প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এহেজাৰ ৩২টা বুথত প্রায় ২ লাখ ৮ হাজাৰ ২৬৪টা শিশুক প্রতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে।

বিয়লি ৩ বজালৈ চলিবলগীয়া এই অভিযানৰ বাবে ৯২৪টা সাধাৰণ বুথ, ২৬টা প্রতিষ্ঠানভিত্তিক বুথ, ১৯টা ট্রাঞ্জিত বুথ, ৫৩টা দুর্গম বুথ আৰু ১০টা ভ্রাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব। গোৱালপাৰা জিলাতো আজিৰে পৰা তিনিদিনীয়াকৈ পলিঅ’ প্রতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত ১ লাখ ৬৯ হাজাৰ ৯৬৭টা শিশুক এই প্রতিষেধক প্ৰদান কৰা হ’ব।

ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিতা দিৱস প্রতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ১৩ নম্বৰ ৱাৰ্ডৰ এমকো ৰোডক ড০ শ্যামাপ্রসাদ মুখার্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ’ প্রতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ আৰ আৰ বি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেবহাষ্ট বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

মানকাচৰ জিলাত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে পলিঅ’ প্রতিষেধক প্রদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ ৩৩১টা টিকাকৰণ কেন্দ্ৰৰ ৮০ হাজাৰৰো অধিক শিশুক সামৰি লোৱা হ’ব।

বিশ্বনাথ জিলাতো প্রতিষেধক প্রদান কার্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্র বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী মুকলি কৰে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পলিঅ’ দিৱস উপলক্ষে পাঁচ বছৰৰ তলৰ প্ৰতিটো শিশুক পলিঅ’ প্রতিষেধক খুৱাবলৈ অভিভাৱকসকললৈ আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।