প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ-আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ ২০২৬ বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত সুকীয়াকৈ আজিৰে পৰা জনকল্যাণ শিবিৰ ২০২৬ আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ’ব। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ কেইবাটাও শিবিৰত জিলাখনৰ আয়ুক্তসহ সহকাৰী জিলা আয়ুক্ত, খণ্ড উন্নযন বিষয়া, জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়ত বিষয়ববীয়া আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে।
ইপিনে, নগাঁও জিলাৰ ১৩টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰ সভাৰ যুটীয়া উদ্যোগত এই শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচীত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক, জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, পৌৰসভাৰ সভানেত্রী, জিলাখনৰ স্বাস্থ্য, কৃষি আৰু মীন বিষয়াৰ লগতে বহু চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। চিৰাং জিলাতো আজিৰে পৰা দুদিনীয়াকৈ ছিদলী-চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ডভিত্তিক কাজলগাঁও বজাৰ গৃহ আৰু বড়ো বজাৰ ভিচিডিচিৰ কাৰ্যালয়ত বিকশিত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে ।
শোণিতপুৰ জিলাতো ১৮ৰ পৰা ২০ জুনলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ সকলো উন্নয়ন খণ্ডতে জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে।