ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদকদ্রব্য, এয়াৰ গান, দুটা ম’বাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত ফাটেজুল হুছেইন আৰু শ্বাহীন খান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা কৰি আছে।
ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন চাৰিচকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্রব্যসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক তিনিজনক গৌৰীসাগৰৰ হাতীমূলীৰ দিপলু গগৈ, আমগুৰিঘাটৰ সুমিত বৰ্মন আৰু কোঁৱৰপুৰৰ কাঁড়িগাঁৱৰ মানস জ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকক পৰা ১২ দশমিক ৭-৬ গ্রাম মাদক দ্রব্য জব্দ কৰে ।