June 13, 2026 6:42 PM

views 30

ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদকদ্রব্য, এয়াৰ গান, দুটা ম'বাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত ফাটেজুল হুছেইন আৰু শ্বাহীন খান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা কৰি আছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন চাৰিচকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্রব্যসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক তিনিজনক গৌৰীসাগৰৰ হাতীমূলীৰ দিপলু গগৈ, আমগ...

January 10, 2026 12:08 PM

views 40

মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব : গৃহমন্ত্রী অমিত শ্বাহ

চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। তিনি বছৰ ধৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে দেশখনক নিচামুক্ত কৰা। নতুন দিল্লীত কালি এন চি অ' আৰ ডিৰ মাদকদ্রব্য সহযোগিতা কেন্দ্ৰৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে এই কথা ঘোষণা কৰে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগে ২০২৯ চনলৈকে এখন নক্সা প্ৰস্তুত কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সময়সীমাবদ্ধ পর্যালোচনা ব্যৱস্থা স্থ...