অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ২৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে।
সাম্প্ৰতিক বানত ৰাজ্যখনৰ দুহেজাৰ ২৩ খন গাঁৱৰ ১০ লাখ ৬৩ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪৭ লৈ বৃদ্ধি পাইছে।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৫ হাজাৰ ৩৭৫ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্রশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ১৬২টা আশ্রয় শিবিৰ আৰু এহেজাৰ ৭২টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্রয় শিবিৰসমূহত ৪১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে।
সাম্প্ৰতিক বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৩০০ খন গাঁও ক্ষতিগ্রস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ ৩ লাখ ৭৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৫ হাজাৰ ১৯৭ হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্রশাসনে জিলাখনত ১২৪টা সাহায্য শিবিৰ আৰু ১৮১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে।
চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ১ লাখ ৮৬ হাজাৰ লোক বানৰ কবলত আছে।
ইপিনে নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্রমশঃ বৃদ্ধি পাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আজি দিনৰ ডেৰ বজালৈ প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ ৩২৩ দশমিক ১–৬ মিটাৰলৈ বৃদ্ধি পোৱাত চাৰিওখন স্পীলৱে গে’ট খুলি দিয়া হৈছে। বৰ্তমান এই গে’টেৰে প্ৰতি ছেকেণ্ডত প্ৰায় ২০৯ ঘনমিটাৰ পানী এৰি দিয়া হৈছে।
গোলাঘাট আৰু বোকাখাত মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে। প্ৰকল্পটোৰ জলস্তৰ ঘনে ঘনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়ত পানী নিৰ্গমনৰ পৰিমাণ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
কাৰ্বি আংলং জিলাত বানত পৰি দুজন লোক মৃত্যুমুখত পৰাৰ লগতে ১৭ হাজাৰ ১৫৫ জন লোক বানৰ কবলত পৰিছে। বানপীড়িত লোকসকলক উদ্ধাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজৰ অভিযান অব্যাহত আছে। প্রশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। অৱশ্যে জিলাখনৰ মাজেৰে বৈ যোৱা দিখাৰু, হৰিণা, ধনশিৰি আৰু ডিফুৰ নদীৰ জলস্তৰ বৰ্তমান কিছু হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে ৷