June 16, 2026 7:53 PM | review meeting

printer

ৰাজ্যৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পর্যালোচনা

স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পর্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গবেষণা মন্ত্রী শ্রীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিঃবিভাগ আৰু অন্ত বিভাগত স্বাস্থ্য সেৱাৰ বৰ্তমানৰ অবস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্রমনজনিত জটিলতা আৰু চেপচিচ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নির্দেশ দিয়ে। এই বৈঠকত ইউ কুইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তানসম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্রদান ব্যবস্থা ফলপ্রসূভাৱে গ্ৰহণ কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্রতিষেধক প্রদান কাৰ্যসূচীৰ অগ্রগতি পর্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰু আই প্রতিষেধক প্রদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুর্গম অঞ্চলসমূহৰ স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়ে তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগ নির্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্রগতিৰো মন্ত্ৰীগৰাকীয়ে পর্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছ, অতিৰিক্ত মিছন সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে।