June 16, 2026 7:53 PM

views 14

ৰাজ্যৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পর্যালোচনা

স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পর্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গবেষণা মন্ত্রী শ্রীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিঃবিভাগ আৰু অন্ত বিভাগত স্বাস্থ্য সেৱাৰ বৰ্তমানৰ অবস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্রমনজনিত জ...