ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকসকলে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে চৰকাৰে পৰ্যায় ক্রমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। সমগ্র শিক্ষা অসমৰ কাৰ্যালয়ত কালি সদৌ অসম প্রাথমিক টেট টেট উত্তীর্ণ শিক্ষক সমাজৰ প্ৰতিনিধি দলৰ সৈতে হোৱা এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।
তেওঁ কয়, যে বৈঠকত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে উত্থাপন কৰা টাইম স্কেল, দৰমহা গাঁথনিৰ সংশোধন, আৰ্জিত ছুটীৰ পাৰিতোষিক প্ৰদান আৰু অৱসৰকালীন গ্ৰেছুৱেটিকে ধৰি ১১টা দাবী সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয়। সংগঠনটোৱে বিচৰা কেতবোৰ সেৱা জনিত সুবিধা প্রদানৰ বিষয়টো নিযুক্তিৰ সময়ত স্বাক্ষৰিত চুক্তিপত্ৰত অন্তর্ভুক্ত আছে নে নাই তাকো পৰীক্ষা কৰা হয় বুলি তেওঁ জানিলৈ দিয়ে।
শিক্ষামন্ত্ৰীগৰাকীয়ে চুক্তিত অন্তর্ভুক্ত প্রতিটো চৰ্ত পূৰণ কৰা হ’ব আৰু নথকাখিনি বিভাগীয়ভাবে পৰীক্ষা-নিৰীক্ষা কৰি বিধি সন্মত ব্যৱস্থা গ্ৰহণৰ বিষয়ে বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িন্ত্ৰীসকলৰ স্বাৰ্থ অধিকাৰ আৰু মৰ্যাদাৰ প্ৰতি ৰাজ্য চৰকাৰ সদায় সংবেদনশীল।
ঠিকাভিত্তিক শিক্ষকসকলেও যাতে নিয়মীয়া শিক্ষকসকলৰ দৰে সেৱাজনিত সুবিধা লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰাকৰে কেইবাটাও পদক্ষেপ লৈছে বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। আলোচনাৰ অন্তত সদৌ অসম প্রাথমিক টেট শিক্ষক সমাজে ১৬ নৱেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয।