November 15, 2026 12:22 PM

views 4

ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰে পৰ্যায় ক্রমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্য

ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকসকলে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে চৰকাৰে পৰ্যায় ক্রমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। সমগ্র শিক্ষা অসমৰ কাৰ্যালয়ত কালি সদৌ অসম প্রাথমিক টেট টেট উত্তীর্ণ শিক্ষক সমাজৰ প্ৰতিনিধি দলৰ সৈতে হোৱা এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে বৈঠকত ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে উত্থাপন কৰা টাইম স্কেল, দৰমহা গাঁথনিৰ সংশোধন, আৰ্জিত ছুটীৰ পাৰিতোষিক প্ৰদান আৰু অৱসৰকালীন গ্ৰেছুৱেটিকে ধৰি ১১টা দাবী সন্দর্ভত বিত...