August 4, 2026 7:56 PM | rajyapal

printer

ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি লোক ভৱনত অনলাইন স্বগণনা প্রক্রিয়া সম্পূৰ্ণ কৰি কয় যে স্বগণনা প্রক্রিয়া সৰল, নিৰাপদ, স্বচ্ছ আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল। তেওঁ কয় যে মাত্র কেই মিনিটমানৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়। এই প্ৰক্ৰিয়াই সঠিক আৰু নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ গঢ়ি তোলাৰ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় দায়িত্ব পূৰণ কৰাৰ সুযোগ বহন কৰা বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে।

লোকপিয়লৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই প্ৰক্ৰিয়াই ফলপ্রসূ, পৰিকল্পনা, সুশাসন আৰু ৰাজহুৱা সেৱাৰ সমবিতৰণৰ ভেটি গঢ় দিয়ে। তেওঁ কয় যে লোকপিয়লৰ নিৰ্ভুল তথ্যই কল্যাণমুখী আঁচনি প্ৰস্তুত কৰাৰ লগতে সম্পদৰ সম-আবণ্টন আৰু তথ্য আধাৰিত উন্নয়ন নীতি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বাত্মক আৰু বহনক্ষম উন্নয়নত লোকপিয়লৰ ভূমিকা অসীম বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিৰ্ভুল আৰু সম্পূর্ণ তথ্য প্ৰদান কৰি ৰাজ্যৰ জনসাধাৰণক স্বাণনাৰ সুযোগ গ্ৰহণ কৰিবলৈ আৰু ১৬ আগষ্টৰ ভিতৰত নিজৰ আৰু পৰিয়ালৰ সদস্যসকলৰ স্বগণনা প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজৰ পৰিয়ালৰ সদস্য, বন্ধু, ওচৰ চকুৰীয়া আৰু সতীৰ্থসকলকো লোকপিয়লত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ যোগাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।