August 4, 2026 7:56 PM
5
ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ জনসাধাৰণক লোকপিয়লত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যপালগৰাকীয়ে আজি লোক ভৱনত অনলাইন স্বগণনা প্রক্রিয়া সম্পূৰ্ণ কৰি কয় যে স্বগণনা প্রক্রিয়া সৰল, নিৰাপদ, স্বচ্ছ আৰু ব্যৱহাৰকাৰীৰ বাবে অনুকূল। তেওঁ কয় যে মাত্র কেই মিনিটমানৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা যায়। এই প্ৰক্ৰিয়াই সঠিক আৰু নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ গঢ়ি তোলাৰ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় দায়িত্ব পূৰণ কৰাৰ সুযোগ বহন কৰা বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। লোকপিয়লৰ গুৰুত্বৰ...