September 9, 2026 11:04 AM | Assam Govt

printer

ৰাজ্যৰ কেইবাখনো জিলাৰ ধানখেতিত হোৱা শুঁৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ ব্যৱস্থা

 ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধানখেতিত হোৱা শুৰ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি কীট নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে শুৰ পোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্রোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পর্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্রয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ৩০০ হেক্টৰ মাটিৰ ধানখেতিত শুৰ পোকৰ আক্ৰমণ হৈছে।