ওদালগুৰি, দক্ষিণ শালমাৰা-মানকাচৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনি বিতৰণ কৰা হয়।
এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰী দাসে কয়, যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব।
মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ ন্যায্য মূল্যৰ দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয় ৷