কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ ১৪ৰ পৰা ১৫ বছৰৰ সকলো কিশোৰীক এইছ পি ভি প্রতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্র, উপ-স্বাস্থ্য কেন্দ্র, ক্ষুদ্র স্বাস্থ্য কেন্দ্ৰ আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত পর্যায়ক্রমে এই প্রতিষেধক প্রদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ ১০ হেজাৰ ৫০০ গৰাকী কিশোৰীক এইছ পি ভি প্রতিষেধক দিয়া হৈছে। অহা ১৫ জুলাইৰ ভিতৰত কামৰূপ জিলাৰ নিৰ্ধাৰিত ১৫ হাজাৰ ১৭৫ গৰাকী কিশোৰীক এই প্রতিষেধক প্ৰদান কৰা হ’ব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীৱ বৰবৰাই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে এই এইছ পি ভি অর্থাৎ হিউমেন পেপিল’মা ভাইৰাছ প্ৰতিষেধক প্ৰদান কৰিছে।
Assamese | July 7, 2026 1:05 PM | Kamrup
ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইছ পি ভি টীকা প্ৰদান