July 11, 2026 10:56 AM | assam cabinet

printer

ৰাজ্যিক মন্ত্রীসভাত শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যবস্থা, সুশৃংখলিত ভূমি প্রশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। মন্ত্রীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উৰণ সেতু নির্মাণৰ বাবে ৪৭৪ কোটি ২৫ লাখ টকাৰ প্রশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্রদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্রীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্রাদেশিকীকৰণ আইন, ২০১১ আৰু ২০১৩ চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্রীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমিনীতি, ২০১৯ ত সংশোধনৰ প্রস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথি পত্ৰৰ ভিত্তিত ১৯৭২ চনৰ ২৪ মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আৱণ্টনৰ ক্ষেত্ৰত কেবল সেইসকল লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ’ব, যিসকলৰ পৰিয়াল অন্ততঃ তিনিটা প্রজন্ম ধৰি অসমত বাস কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।