ৰাজ্যিক কেবিনেটৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটত ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহক পৰিচালনাৰ বাবে থকা গ্ৰাম্য পৰিষদৰ তথা গ্ৰাম্য উন্নয়ন পৰিষদসমূহত মুঠ ৪৭৬টা সচিব পদৰ বাবে অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত হোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক জানিবলৈ দি কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ পোৱা গৈছিল আৰু সেয়েহে এইবাৰ এইক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব। অৰুণোদয় থ্রীত প্রায় ৪৭ লাখ হিতাধিকাৰীক সামৰি লোৱা ল’ব। তেওঁ লগতে কয় যে, ৰেচন কাৰ্ড আৰু আধাৰকাৰ্ড থাকিলেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ই-শ্রম প’ৰ্টেলত অন্তর্ভুক্ত ৬ লাখ প্ৰব্ৰজিত শ্রমিকক ৰেচন কাৰ্ড প্রদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। আজিৰ কেবিনেট বৈঠকত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণৰত দলঙৰ বাবে ৩ হাজাৰ ৩০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ২০২৫ চনৰ জুন মাহৰ ভিতৰত এই দলংখন মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যকাল আৰু দুবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেবিনেটে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰিব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই জানিবলৈ দিয়ে। ইপিনে ধুবুৰী ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকয়ে সাংবাদিকক জানিবলৈ দিয়ে।
Assamese | July 31, 2024 7:22 PM | assam cabinet
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ