ৰাজ্যৰ শেহতীয়া বানত ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত সদৌ টাই আহোম ছাত্ৰ সন্থাই স্থায়ী বান প্রতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে।
সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আটাছুৰ সভাপতি বসন্ত গগৈয়ে বানত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক হোৱাৰ আশংকা ব্যক্ত কৰি বান সমস্যা ৰোধৰ বাবে নতুন মথাউৰি নিৰ্মাণ, বৈজ্ঞানিকভাৱে নদী ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷