July 29, 2026 7:31 PM

views 5

ৰাজ্যত স্থায়ী বান প্রতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ

ৰাজ্যৰ শেহতীয়া বানত ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত সদৌ টাই আহোম ছাত্ৰ সন্থাই স্থায়ী বান প্রতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে।  সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আটাছুৰ সভাপতি বসন্ত গগৈয়ে বানত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক হোৱাৰ আশংকা ব্যক্ত কৰি বান সমস্যা ৰোধৰ বাবে নতুন মথাউৰি নিৰ্মাণ, বৈজ্ঞানিকভাৱে নদী ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷

December 10, 2025 11:44 AM

views 50

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা

সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কালি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয়, যে এই প্রতিবেদনত টাই- আহোম জনগোষ্ঠীক অনুসূচীত জনজাতি হিচাপে অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত জনগোষ্ঠীটো সামাজিক আৰু ৰাজনৈতিক দিশত কিদৰে সুৰক্ষিত হ'ব সেয়া চালি-জাৰি চাবলৈ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক অধ্যক্ষ হিচাপে এখন ২১ জনীয়া ...