মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগতা সৃষ্টি কৰিবলৈ আৰক্ষী আৰু প্রশাসনক নির্দেশ দিছে। তেওঁ লগতে যান-বাহন নিয়ন্ত্রণ আইন অধিক কঠোৰভাৱে বলবৎ কৰিবলৈ নির্দেশ দিছে।
কাজিৰঙাৰ ৰঙাজানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়, যে বিগত দুই-তিনিটা বছৰত ৰাজ্যত পথ দুর্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
চৰকাৰে যানবাহন আইনৰ প্ৰয়োগৰ পূৰ্বৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি যানবাহন বিধি কঠোৰভাৱে বলবৎ কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। অনিয়ন্ত্রিত গতিবেগ আৰু চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ পৰিণতিত এই দুর্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে চালকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ বিতং অনুসন্ধানতহে দুর্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
উল্লেখযোগ্য যে ৰঙাজানৰ পথ দুৰ্ঘটনাত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হৈছে। গোলাঘাট জিলা প্রশাসনে নিহত লোকৰ পৰিচয় তালিকা প্রকাশ কৰিছে। নিহতসকলৰ ভিতৰত ১৪ গৰাকী মহিলা আৰু এটি শিশু আছে।
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অন্যান্য চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আহত লোকসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। মন্ত্রী অজন্তা নেওগে কালি চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।