November 15, 2026 11:41 AM
4
ৰাজ্যত পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যান-বাহন নিয়ন্ত্রণ আইন অধিক কঠোৰভাৱে বলবৎ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগতা সৃষ্টি কৰিবলৈ আৰক্ষী আৰু প্রশাসনক নির্দেশ দিছে। তেওঁ লগতে যান-বাহন নিয়ন্ত্রণ আইন অধিক কঠোৰভাৱে বলবৎ কৰিবলৈ নির্দেশ দিছে। কাজিৰঙাৰ ৰঙাজানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়, যে বিগত দুই-তিনিটা বছৰত ৰাজ্যত পথ দুর্ঘটনা আৰু দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে যানবাহন আইনৰ প্ৰয়োগৰ পূৰ্বৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি যানবাহন বিধি কঠোৰভাৱে বলবৎ কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। অনিয়ন্...