ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা আয়োগ ভৱন সভাকক্ষৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দিনৰ ১১ বজাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ হয়। গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডত শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলা আয়ুক্ত গৰাকীয়ে আজি হ’বলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। আনহাতে, কৰিমগঞ্জৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৰুণোদয় আঁচনি তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা প্রশাসনে উত্তৰ কৰিমগঞ্জৰ হিতাধিকাৰীসকলক আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। মাজুলীত মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয়। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। উল্লেখযোগ্য যে বিধবা, ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ অবিবাহিতা, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাৰ লগতে তৃতীয় লিংগ, দিব্যাংগ, চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমত থকা মহিলা তথা বয়োজ্যেষ্ঠ বা ৰুগীয়া মহিলা, আশ্রয়হীন পৰিয়ালৰ মহিলা, মগনীয়া, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা এইছ আই ভি – থেলাছেমিয়া আদিত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা আৰু পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী ৬০ বছৰ উৰ্দ্ধৰ অথবা দিব্যাংগ হ’লে তেনে ঘৰৰ মহিলা এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব।
Assamese | September 19, 2024 12:56 PM | CM-Orunodoi
ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ