September 19, 2024 12:56 PM

views 25

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা আয়োগ ভৱন সভাকক্ষৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দিনৰ ১১ বজাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ হয়। গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডত শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলা আয়ুক্ত গৰাকীয়ে আজি হ'বলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। আনহাতে, কৰিমগঞ্জৰ নীল...