নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা দুই অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি শ্রীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়।
তেওঁ প্রথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্রাত মন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰীয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্রহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা- অসম সামাজিক-অর্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি, অসম আৰু মেঘালয় মাদকদ্রব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত বিটিচিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে।
বিটিচিৰ সচিব ভাস্কৰজ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বে চৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।