■ ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৫ কোটি ৩০ লাখ টকা অনুদান আগবঢ়াইছে। এই অনুদানৰ ধনৰাশিৰে ১২০টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰ শক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ’ব। ইয়াৰ ফলত বন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে কৰ্মৰ পৰিবেশ অধিক অনুকূল হৈ উঠিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত আগবঢ়োৱা এই অৱদানৰ বাবে কোম্পানীটোৰ শলাগ লৈছে।
Assamese | July 5, 2025 12:44 PM | Akashvani Guwahati | Kaziranga
ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ কাজিৰঙালৈ ৫ কোটি ৩০ লাখ টকা অনুদান