ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিল বুলি কংগ্ৰেছ নেতা শশী থাৰুৰে স্বীকাৰ কৰিছে। নতুন দিল্লীত আয়োজিত ৰায়ছিনা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী থাৰুৰে কালি কয়, যে ২০২২ চনত ভাৰতৰ নিৰপেক্ষ স্থিতিৰ সমালোচনা কৰাৰ বাবে তেওঁ আজিও অনুতপ্ত। সেই সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাছিয়াই ইউক্রেইনৰ ওপৰত কৰা আক্ৰমণৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতা কৰিছিল আৰু এই আক্রমণক গৰিহণা দিবলৈ আহ্বান জনাইছিল।
Assamese | March 19, 2025 5:53 PM | Akashvani News | Shashi Tharoor
ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিলঃ শশী থাৰুৰ