আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা কৰিছে। পেন্টাগনে এটা বিবৃতিত কালি কয় যে এই সাহায্যৰাশি ইউক্রেইনৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা প্ৰয়োজন পূৰণ কৰাত ব্যৱহৃত হ’ব। এই সাহায্যৰ অধীনত ৰাষ্ট্ৰীয় উন্নত স্থলভাগৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থা, স্ট্রিংগাৰ ক্ষেপনাস্ত্র, গুলি-বাদকে ধৰি ভালেমান অত্যাধুনিক সমাজ কিয়েভক প্ৰদান কৰা হ’ব। ভাৰতীয় উচ্চ পর্যায়ৰ প্ৰতিনিধি দলৰ সক্ৰিয় অংশগ্ৰহণেৰে জি- ২০ৰ এখন বৈঠকে দুৰ্যোগৰ আশংকা হ্রাস (ডি আৰ আৰ)ৰ প্ৰথমখন মন্ত্ৰীসভাৰ ঘোষণাপত্র চূড়ান্ত কৰাৰ ক্ষেত্ৰত একমতত উপনীত হৈছে। আজি প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতিত এই কথা কোৱা হয়৷
Assamese | November 2, 2024 6:12 PM | America | Russia | Ukraine
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰত ইউক্রেইনলৈ ৪২৫ মিলিয়ন ডলাৰৰ অতিৰিক্ত সুৰক্ষা সাহায্য ঘোষণা আমেৰিকাৰ