ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে বুলি সাংস্কৃতিক মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত লোক নির্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্রেক্ষাগৃহটোৰ সামগ্রিক অবস্থাৰ বুজ লয়। শ্ৰী বৰাই প্রেক্ষাগৃহটো শীঘ্রে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰোপযোগী কৰি তুলিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে মজিয়াত পানী সোমোৱা, শীত-তাপ নিয়ন্ত্রণ ব্যবস্থা, লাইট, জেনেৰেটৰ, শব্দ ব্যৱস্থাৰ মেৰামতি, সীমাৰ বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূর্ণ কৰিবলৈ লোক নির্মাণ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। প্রেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আবেগৰ কথা বিবেচনা কৰি মেৰামতিৰ কামত যাতে কোনোধৰণৰ খুট ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰণজিৎ স্বর্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুলচন্দ্র দাস, লোক নির্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে।
Assamese | July 9, 2026 2:14 PM | Rabindra Bhawan Repair
ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্রহণ