৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩ টা সমষ্টিক সামৰি লোৱা হ’ব। নির্বাচনী দলসমূহ সংশ্লিষ্ট কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা ২২৫ টা কেন্দ্ৰৰ ভিতৰত ১৯৪ টা কেন্দ্ৰত নিৰ্বাচনী দল কালি বায়ুসেনাৰ হেলিকপ্তাৰেৰে উপস্থিত হয়। বাকী ৩০ টা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়াৰ দল আজি প্ৰেৰণ কৰা হৈছে। এই স্পর্শকাতৰ কেন্দ্ৰসমূহ পশ্চিম সিংভূম, লাটেহা, গঢ়ৱা, লোহাগড়া আৰু গুমলা জিলাত অৱস্থিত। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে ১৫ হাজাৰ ৩৪৪ টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ভোটগ্রহণ সুকলমে আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে সুৰক্ষা বাহিনীৰ ২০০ টাৰো অধিক কোম্পানী নিয়োজিত কৰা হৈছে। প্ৰথম পৰ্যায়ত ৭৩ গৰাকী মহিলাসহ মুঠ ৬৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
Assamese | November 12, 2024 2:16 PM | bye Election | Election | Political News
৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ