January 26, 2025 8:37 PM | AIR | Ashwini Baishnav

printer

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ আকাশবাণী ভৱনত বিভিন্ন ব্যক্তিৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মত বিনিময়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমন্ত্ৰিত বিশেষ অতিথিসকলৰ সৈতে নতুন দিল্লীৰ আকাশবাণী ভৱন চৌহদত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত বিশেষভাবে উল্লেখ কৰা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি কয়, যে তেওঁলোকে সমাজৰ উন্নয়নৰ হকে নিৰলসভাবে কাম কৰি আহিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত শ্ৰীবৈষ্ণৱে কয়, যে প্রধানমন্ত্রীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে এই লোকসকলৰ প্ৰেৰণাদায়ক কাম-কাজসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছে। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগল, আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড় আৰু দূৰদৰ্শনৰ সঞ্চালকপ্ৰধান কাঞ্চন প্রসাদো উপস্থিত আছিল।